শিৱসাগৰৰপৰা মুম্বাইলৈ

[ লেখিকা: ডলি শ্যাম ৱাইলুং ]

একবিংশ শতাব্দী আৰম্ভ হ’বলৈ কেইটামান দিন আৰু বাকী আছিল ৷ ঘড়ীৰ টিক্ টিক্ শব্দবোৰে ছেকেণ্ডৰ পিছত মিনিট, ঘণ্টা, দিন পাৰ হ’বলৈ যেন আৰু বেছি সময় নল’লে ৷ হঠাৎ আহিছিল ২০০০ চনৰ ২৫ ডিচেম্বৰৰ দিনটো ৷ বৰদিন ৷  বিশ্বৰ চাৰিওফালে উলহ-মালহেৰে বৰদিন পালন কৰাৰ লগতে অসমতো চলিছে উছৱ উদযাপনৰ ধুম-ধাম ৷ পুৱাৰ বেলিটো যেন উদয় হ’বলৈ বহু পলম হৈছিল, তাতে পুহ মাহৰ ঠেঁটুৱৈ লগা জাৰ ৷ চাৰিওফালে ঘন কুঁৱলিৱে আৱৰি ৰখাত কুঁৱলিবোৰ এখন শুকুলা চাদৰ যেন দেখাইছিল ৷ স্বামীৰ কৰ্মস্থান বদলিৰ সূত্ৰে বহুতো আশা-প্ৰত্যাশা আৰু দোমোজাৰে কণমানি দুটিক কোলাত লৈ পূবৰপৰা সুদূৰ পশ্চিমলৈ যাবলৈ সাজু হৈছিলোঁ ৷ সেই দিনটো যেন মোৰ বাবে আছিল এক প্ৰত্যাহ্বান ৷ স্কুলীয়া জীৱনৰপৰা আৰম্ভ কৰি কলেজীয়া শিক্ষা সমাপ্ত কৰালৈকে আৰু পৰৱৰ্তী সময়ত স্বামীৰ কৰ্মস্থান হিচাপে মোৰ বাসস্থান আছিল ইতিহাসপ্ৰসিদ্ধ আহোম ৰজাৰ ৬০০বছৰীয়া ৰাজত্বৰ ৰাজধানী ৰংপুৰ নগৰ (শিৱসাগৰ) ৷ কিন্তু এটি গধুৰ দায়িত্বশীল জীৱন লৈ মুম্বাইলৈ স্থানান্তৰৰ কথাটো মোৰ বাবে ইমান সহজ কথা নাছিল ৷  তাতে মুম্বাইৰ কৰ্মক্ষেত্ৰত কৰ্মৰ সময় ১৪ দিন ৷  মাহৰ ১৪ দিন এক অচিনাকি স্থানত নিজকে মিলাবলৈ সংকল্পৱদ্ধ হৈছিলোঁ ৷  বিবাহৰ পূৰ্বে নিজৰ পিতৃ-মাতৃৰ সৈতে দেশৰ বিভিন্ন মহানগৰ তথা পৰ্যটক স্থানসমূহ পৰিভ্ৰমণ কৰি ইতিমধ্যে মোৰ যথেষ্ট অভিজ্ঞতা হৈছিল ৷

ঠিক নিৰ্দিষ্ট দিন আৰু সময় সূচীত বুকুত অলেখ সপোন, অলেখ কল্পনা আৰু অনেক দোমোজাৰে যোৰহাট বিমান বন্দৰৰপৰা বিমানেৰে আহি মোৰ স্বামী আৰু দুটি সন্তানৰ সৈতে মুম্বাই মহানগৰীত পদাৰ্পণ কৰিছিলোঁ ৷  প্ৰথম প্ৰথম এই মহানগৰীৰ কিছু নীতি-নিয়ম বুজি উঠা নাছিলোঁ ৷  লাহে লাহে সকলো শিকি-বুজি আয়ত্ত কৰি সেই অসুবিধাবোৰৰপৰা হাত সাৰিব পাৰিছিলোঁ ৷  মুম্বাই মহানগৰীৰ আটক-ধুনীয়া অট্টালিকাবোৰ, সাগৰৰ মনোৰম দৃশ্যবোৰে লাহে লাহে আকৰ্ষণ কৰিবলৈ ধৰিছিল মোক ৷  দিন-মাহ-বছৰ যেনেকৈ গতিশীল, ঠিক তেনেকৈ মানুহৰ জীৱন আৰু মানসিক চিন্তাধাৰাবোৰো ৷  কিয়নো আজিৰ যুগ প্ৰতিযোগিতাৰ যুগ ৷  নাৰী-পুৰুষ সকলোৱেই সকলো ক্ষেত্ৰতে সমানে আগবাঢ়ি যোৱাৰ যুগ ৷  এই অনুভূতিবোৰে মোৰ মনত ভালকৈয়ে সাঁচ বহুৱাইছিল আৰু চেষ্টা কৰিছিলোঁ নিজকে মিলাই জীন যাবলৈ ৷  বিভিন্ন ৰাজ্য আৰু বিদেশত বহুতো অসমীয়া পুৰুষ-মহিলাই আত্মনিৰ্ভৰশীল হ’বলৈ আৰু নিজকে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্ট কষ্ট, সাধনা আৰু একাগ্ৰতা অটুট ৰাখিছে ৷

মুম্বাই চহৰ এখন বাণিজ্যিক মহানগৰী ৷  সেয়েহে ভাৰতবৰ্ষ আৰু বিশ্বৰ বিভিন্ন দেশৰ লোকসকলে কৰ্মসংস্থাপনৰ উদ্দেশ্যেৰে ইয়াত শান্তিৰে বসবাস কৰি আহিছে ৷  তদুপৰি সংগীত, চিনেমা জগতৰ বিভিন্ন লোকৰ লগতে বিভিন্ন ধৰ্ম-জাতি, ভাষা-সংস্কৃতিৰ লোকৰো বাসস্থান মুম্বাই ৷  মুম্বাই মহানগৰীখনক এখন মায়ানগৰী আখ্যা দিয়া হয় ৷  কিয়নো এই মহানগৰীলৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰপৰা বিভিন্ন কাৰ্যসূচী লৈ বিভিন্নজনৰ আগমন ঘটে আৰু তেনেকৈ কৃতকাৰ্য হোৱাও দেখা যায় ৷  মহানগৰীৰ ব্যস্ততাৰ মাজতো নানা জাতি, বৰ্ণ, ভাষা, ধৰ্মাৱলম্বী লোকে নিজস্ব ধৰ্ম তথা কৃষ্টি-সংস্কৃতি অটুট ৰাখিছে ৷  বিশেষকৈ মাৰাঠী সম্প্ৰদায়ৰ লোকসকল সঁচাকৈ সংস্কৃতিপৰায়ণ, দায়িত্বশীল, সচেতন আৰু নৈতিক চৰিত্ৰৱান ৷  সেয়েহে অসমীয়া লোকসকলৰ সৈতে তেওঁলোকৰ তুলনা কৰি চালে যথেষ্ট মিল থকা দেখিবলৈ পোৱা যায় ৷  মাৰাঠী ভাষা-সাহিত্য অসমীয়া ভাষা-সাহিত্যৰ দৰেই চহকী ৷  মাৰাঠী ভাষাৰ লিপিসমূহ হিন্দী ভাষাৰ লিপিৰ সৈতে যথেষ্ট মিল দেখিবলৈ পোৱা যায় ৷  অসমৰ কলা-সংস্কৃতি-ভাষা-খাদ্য আদিৰ সৈতে অৱশ্যে মাৰাঠীসকলৰ যথেষ্ট পাৰ্থক্য দেখা যায় ৷  মহানগৰীৰ অন্যতম দৃষ্টিগোচৰ আৰু আকৰ্ষণীয় বিষয়টো হৈছে মহিলাৰ সুৰক্ষা ৷  ভাৰতবৰ্ষৰ আন ৰাজ্যৰ নগৰ-মহানগৰসমূহৰ তুলনাত মহিলাৰ সুৰক্ষা মুম্বাই মহানগৰীত যথেষ্ট বেছি ৷

মহানাগৰিক জীৱনৰ ব্যস্ততাৰ মাজতো অসমীয়া প্ৰৱাসীসকলে নিজৰ কলা-সংস্কৃতি, সাজ-পাৰ, ধৰ্মীয় পৰম্পৰা, জাতীয় উৎসৱসমূহ সজীৱ কৰি ৰাখিবলৈ যৎপৰোনাস্তি চেষ্টা চলাই আহিছে ৷ বিশেষকৈ ভাদ মাহৰ নাম-প্ৰসংগ উৎসাহ-উদ্দীপনাৰে প্ৰতি বছৰে নবী মুম্বাইত বাস কৰা প্ৰৱাসীসকলে পৰম্পৰাগত ৰীতি-নীতিৰে পালন কৰি আহিছে ৷

মোৰ আজিও এটা কথা বিশেষভাৱে মনত পৰে, বিশেষকৈ ভাষাজ্ঞানৰ ক্ষেত্ৰত— সন্তান দুটিৰ ভাষাজ্ঞান এই মহানগৰীতে আৰম্ভ হৈছিল ৷  কিন্তু সঘনাই মনত এটা চিন্তাই জুমুৰি দি ধৰিছিল যে বিভিন্ন ভাষাজ্ঞান আয়ত্ত কৰাটো বৰ প্ৰয়োজন, কিন্তু তাতোকৈ প্ৰয়োজন নিজৰ মাতৃভাষা, সংস্কৃতি, ধৰ্মীয় ৰীতি-নীতি ধৰি ৰখাটো ৷  নিজৰ অস্তিত্বক জীয়াই ৰাখিবলৈ ঘৰখনতে অনানুষ্ঠানিক অসমীয়া ভাষাৰ জ্ঞান আৰু কথোপকথনৰ অভ্যাস কৰাইছিলোঁ ৷

মানৱ জীৱন চিৰগতিশীল ৷  জন্মৰপৰা মৃত্যুলৈ অবিৰাম গতিত জীৱনৰ অভিজ্ঞতাবোৰ পুঞ্জীভূত হৈ হৈ শেষত পঞ্চভূতত বিলীন হৈ যায়গৈ ৷  বুদ্ধদেৱৰ এষাৰ বাণী— ‘‘সৰ্বে সত্তাঃ সুখীনঃ ভৱন্তু৷’’ অৰ্থাৎ— সকলো প্ৰাণীয়ে সুখী হওক ৷

++++

Address:
Navi Mumbai
CBD Belapur
District: Thane, Maharashtra
Mobile no. 09769060711

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.