বিশ্বাসঘাতকতা

[ লেখক: ভাস্কৰ চৌধুৰী ]

হৃদয় চকল চকলকৈ

মাটিৰ চপৰাৰ দৰে খহে

দুখৰ উত্তপ্ত শিখাত

কলিজা মাজ নিশা দহে৷

সপোনবোৰ ভাগে…

যদিও শব্দ নহয়,

তুমি আৰু মোৰ নহয়…

বাস্তৱে চিঞৰি চিঞৰি কয়৷

তুমি হয়তো আছিলা

মোৰ বাবে এক জোনাকৰ অভিশাপ

বুজাটো সহজ নহয় ইমান

ভগ্ন হৃদয়ৰ কৰুণ বিলাপ৷

নিঃশব্দতাৰ ভাষা যদিহে বুজিব পাৰা তুমি

এদিনাখন বুজিবা মোৰ বেদনা,

সেইদিনা তোমাৰ পুতৌ উপজিব মোলৈ

দেখি মোৰ হৃদয়খন

বিশ্বাসঘাতকতাই কুৰুকি কুৰুকি খোৱা৷

ধমনীত যেন এতিয়া মোৰ

বিদ্ৰোহৰ দাবানল,

আৰু সিৰাত বৈছে

বেদনাৰ প্ৰৱাহ অহৰহ৷

মোৰ শোণিতত তুমি

সেই বিশ্বাসঘাতকতাৰ বিষ মিহলাই দিয়া,

তেতিয়াহে তাৰপৰা ওলোৱা প্ৰতিটো শব্দই

সকলোৰে হৃদয়ত আঘাত কৰিব৷

এইটো ঠিক…

মোৰ হৃদয়ো বিষৰ তাড়নাত জহি-খহি যাব,

কিন্তু তথাপি লক্ষজনৰ হৃদয়ত আঘাত কৰি

সি নিজৰ আহূতিৰ প্ৰতিফল পাব৷

++++

Address:
INS Bajrabahu
C/O FMO
Mumbai: 400 001
Mobile no. 09699136809
email: bhaskarsangha@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.