বাস্তৱিকতা

[ লেখিকা: ধীৰাশ্ৰী দেৱী চৌধুৰী ]

নিমাত-নিথৰ আৰু এই জনঅৰণ্য

মই এটি সংবেদনহীন মাংসপিণ্ড

অৰণ্যৰ প্ৰাণীৰ লগত ময়ো কেৱল

অভিনয় কৰিছোঁ…

হঁহাৰ, কন্দাৰ, কৌতুকৰ আৰু দুখৰ ???

মনৰ ভিতৰৰ দুখ গহ্বৰৰপৰা

মাজে মাজে বুকু জুৰি আহিব

খোজে লাভাসদৃশ কান্দোনৰ আগ্নেয়গিৰি

উজাৰি দিব খোজোঁ সকলো দুখ

সকলো বেদনা একেবাৰে !!!

কিন্তু পৰা নাই, পৰা নাই যদি কিয় পৰা নাই

কিয় ???

++++

Address:
Icon Commerce College
Rajgarh Road, Guwahati.
mobile no. 09859202920
email id. dhirasri92@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.