মুম্বাই

DEEPEN

 

 

 

 

[Writer: DEEPEN RAJKONWAR]


মুম্বাই… বম বাহিয়া… ব’ম্বে… আকৌ মুম্বাই৷ এখনি প্ৰাচীন অথচ আধুনিক মহানগৰ ৷  ভাৰতৰ বাণিজ্যিক    ৰাজধানী মুম্বাই দেশৰ পশ্চিমত আৰব সাগৰৰ পাৰত অৱস্থিত ৷  পৃথিৱীৰ ভিতৰতে ই অন্যতম ঘন জনবসতিপূৰ্ণ মহানগৰ ৷  প্ৰকৃততে মুম্বাই হৈছে সাতটা দ্বীপৰ সমষ্টি ৷  সেইকেইটা হৈছে ক’লাবা, ক্ষুদ্ৰ ক’লাবা, মাজাগাঁও, পাৰেল, ৱৰ্লী, মাহিম আৰু মাতুংগা চায়ন (Colaba, Old Woman’s Island (Little Colaba), Mazagaon, Parel, Worli, Mahim, Matunga Sion) ৷  ১৭৯৮ চনত হৰ্নবী ভেলাৰ্ড নামৰ এক অভিযান্ত্ৰিক প্ৰকল্প (Hornby Vellard Engineering Project)-ৰ যোগেদি এই সাতটা দ্বীপক সংযোজন কৰি মুম্বাই নামেৰে এক ভূখণ্ড ৰূপে গঢ়ি তোলা হয় ৷

সম্ৰাট অশোকৰ মৌৰ্য সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল মুম্বাইৰ দ্বীপসমূহ ৷  সেই সময়ছোৱাত এই অঞ্চলটোত বিশেষকৈ হিন্দু আৰু বৌদ্ধ ধৰ্মৰ চৰ্চা হৈছিল ৷  কানহেৰী আৰু মহাকালী নামৰ জনপ্ৰিয় গুহাকেইটাত শিল্প-ভাষ্কৰ্যৰ অসংখ্য নিদৰ্শন খোদিত হৈ আছে ৷  ষষ্ঠ শতিকাত প্ৰখ্যাত এলিফেণ্টা গুহাৰ নিৰ্মাণ হয় ৷  মৌৰ্য্য, চালুক্য, ৰাষ্ট্ৰকূট, চিলহাৰা, য়াদৱ আদি বিভিন্ন শাসকৰ শাসনৰ অন্তত ১৩৪৮ চনত গুজৰাটৰ চুলতান শাসকৰ হাতলৈ যায় ৷  ১৪৩১ চনত বিখ্যাত মুছলিম গুৰু হাজি আলী সন্মানাৰ্থে মহালক্ষ্মীত হাজি আলী দৰগাহ নিৰ্মাণ কৰে ৷  ১৫০৪ চনত পতুৰ্গীজ নাৱিক ফ্ৰাঞ্চিছকো আলমেইদাই মুম্বাইৰ উপকূলত প্ৰৱেশ কৰিছিল ৷  কিন্তু ১৫০৯ চনৰ ২১ জানুৱাৰীতহে প্ৰথমবাৰৰ বাবে পৰ্তুগীজসকলে মুম্বাইত ভৰি দিয়ে ৷  ১৫৩৪ চনত তেওঁলোকে মুছলিম শাসকৰপৰা মুম্বাই কাঢ়ি লয় ৷  পৰ্তুগীজসকলে স্থানীয় লোকসকলৰ মাজত খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যে বিশেষভাৱে আগভাগ লৈছিল ৷ বান্দ্ৰাৰ  বিখ্যাত ছেণ্ট এণ্ডিউজ চাৰ্চ ১৫৭৫ চনত নিৰ্মাণ কৰাৰ উপৰি চায়ন, মাহিম, বাণ্ড্ৰা আদি ঠাইত সজোৱা দুৰ্গৰ ভগ্নাৱশেষ আজিও দেখিবলৈ পোৱা যায় ৷   তেওঁলোকৰ একান্ত প্ৰচেষ্টাৰ ফলস্বৰূপে মুম্বাই কুলবী, কুম্ভাৰ আৰু কুলী সম্প্ৰদায়ৰ বহু লোক খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত হৈ যায় আৰু বহুতৰে লগত পৰ্তুগীজসকলৰ বৈবাহিক সম্বন্ধও স্থাপিত হয় ৷  ১৬৪০ চনত ড’ৰাবজী নানাভয় পেটেল নামৰ প্ৰথমজন পাৰ্চী সম্প্ৰদায়ৰ লোক গুজৰাটৰ পৰা মুম্বাইলৈ আহে ৷  উল্লেখ্য যে ভাৰতৰ ব্যৱসায়-উদ্যোগৰ জগতত সবাতোকৈ সন্মানীয় স্থান অধিকাৰ কৰি থকা এই পাৰ্চীসকল মূলতঃ ইৰানৰ, জোৰাষ্ট্ৰিয়ান ধৰ্মীয়৷ ইৰানৰ মুছলিম শাসকৰপৰা নিজ ধৰ্ম ৰক্ষাৰ্থে তেওঁলোকে পলাই আহি গুজৰাট পায়হি আৰু গুজৰাটৰ ৰজাই পাৰ্চীসকলৰ আচাৰ-ব্যৱহাৰ তথা প্ৰখৰ বুদ্ধিমত্তাত অভিভূত হৈ তেওঁলোকক গুজৰাটত থাকিবলৈ অনুমতি দিয়ে ৷ পৰ্তুগীজসকলে এই ভূখণ্ডৰ নাম ৰাখিলে Bom-Baia  (পৰ্তুগীজ ভাষাত তাৰ অৰ্থ Good Bay) ৷  ১৬৬১ চনত ইংলেণ্ডৰ ৰজা চাৰ্লছ দ্বিতীয় আৰু পৰ্তুগীজ ৰাজকুমাৰী কেথেৰিনৰ বিবাহৰ যৌতুক হিচাপে এই ভূ-খণ্ড দিয়া হয় ৷  ১৬৬৮ চনত ইংলেণ্ডৰ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে বছৰি মাত্ৰ ১০ পাউণ্ড সোণৰ বিনিময়ত ইংলেণ্ডৰ ৰজাৰপৰা ইয়াক লীজত লয় ৷  সেই সময়ত চুৰাটৰপৰা ব্যৱসায়-বাণিজ্য চলাই থকা কোম্পানীয়ে চুৰাটতকৈ মুম্বাই বন্দৰ ব্যৱসায় বাণিজ্যৰ বাবে বেছি সুবিধাজনক বুলি জানিব পাৰিলে আৰু কোম্পানীৰ মুখ্য কাৰ্যালয় চুৰাটৰপৰা মুম্বাইলৈ স্থানান্তৰ কৰিলে ৷  ইংৰাজৰ মুখত ঠাইখনৰ নাম Bom-baia গুচি Bombay হয়গৈ ৷  উল্লেখ্য যে মুম্বাইৰ মূল অধিবাসী মাছমৰীয়া কুলি সম্প্ৰদায়ৰ লোকসকলে এই ভূখণ্ডক তেওঁলোকৰ উপাস্য দেৱী ‘মুম্বা দেৱী’ৰ নামেৰে ‘মুম্বাই’ বুলিছিল ৷  (ক্ৰমশঃ) .

++++

Address:
15 Ganga
Trimurty Complex
Sector 6, Kamothe
New Mumbai-410209
Ph: 9892114116
Email: deepen.rajkonwar@gmail.com

  7 comments for “মুম্বাই

  1. shameed
    April 26, 2015 at 4:20 pm

    Superb… Have learn a lot from this…

  2. Iftikhar Hussain
    April 29, 2015 at 3:54 am

    Fine………… good lesson about Mumbai

  3. A C Majumdar
    April 29, 2015 at 5:04 pm

    Very good effort. Wish great success.

  4. April 30, 2015 at 5:58 pm

    Indeed nice piece of writing.

  5. Nipu
    May 3, 2015 at 9:16 am

    ধন্যবাদ #দাদা, ভাল লাগিল মুম্বাই বিষয়ে অলপ জানিবলে পাই,আগলৈ এনেদৰে লিখি যাব,

  6. Jagat Deka
    May 5, 2015 at 5:52 pm

    It is a great effort towards lightening the Assamese community in Mumbai.

    Wish you sure success in it.

  7. bitul saikia
    May 15, 2015 at 11:38 am

    ধন্যবাদ ।
    মুম্বাইত থাকিও এই কথাবোৰ ইমান দিনে জনাই নাছিলোঁ । সচাকৈয়ে ভাল লাগিল ।

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.