বয়সক ধৰি ৰখাৰ যাদু

 hodanond

 

 

[ লেখক: সদানন্দ গগৈ ]


 

 

     বয়সক আটায়ে ধৰি ৰাখিব বিচাৰে ৷ ইচ্ছা হয় সৱ যেন এনেকৈয়ে থাকি যাওক ! Eternal Youth বা চিৰযৌৱন – আটাইৰে কামনা৷ আজি পৃথিৱীৰ সকলো প্ৰান্তত anti ageing secrets বিচাৰি মানুহে হাবাথুৰি খাই ফুৰিছে ৷  Pharmaceutical Industry – এ আজি ধুমুহাৰ সৃষ্টি কৰিছে ৷  বিভিন্ন ধৰণৰ নিত্য-নতুন cosmetic products/capsule আদিৰে চিৰযৌৱন আগ্ৰহী আটাইকে আকৰ্ষণ কৰিবলৈ সক্ষমো হৈছে৷ চলিছে এনেক পৰীক্ষা-নিৰীক্ষা৷ এয়া হয়তো অবিৰাম চলি থাকিব৷ বিভিন্ন ধৰণৰ এই কোলাহলৰ মাজত আমাৰ হয়তো অজ্ঞাত যে বয়সক ধৰি ৰখাৰ যাদুকৰী চাবিটো আমাৰ হাততে আছে! মই যিটো চাবিৰ কথা ক’ব বিচাৰিছোঁ সেইটো হ’ল শৰীৰ চৰ্চা বা ব্যায়াম৷ ব্যায়াম আমি আটায়ে নিয়মিত কৰা দৰকাৰ৷ কেৱল যে Body Builder-সকলেই ব্যায়াম কৰিব লাগে সেই কথা নহয়, সৰ্বসাধাৰণ মানুহেও নিয়মিত ব্যায়াম কৰিলে অনেক লাভৱান হয়৷ ব্যায়ামৰ জৰিয়তে আমাৰ মাংসপেশী সুস্থ-সবল হয়, উশাহ-নিশাহৰ প্ৰক্ৰিয়া, ৰক্ত চলাচল, endocrine gland system উন্নত হয়৷ লগে লগে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়ে৷ ব্যায়ামৰ দুটা ভাগ আছে- ১৷ aerobic,  ২৷ anaerobic ৷  Aerobic ব্যায়ামৰ ভিতৰত walking, cycling, jogging, swimming ইত্যাদি পৰে৷ Anaerobic ব্যায়ামৰ ভিতৰত free hand exercise, weight training আদি পৰে৷

বয়সৰ লগে লগে আমাৰ আটাইৰে internal/external মাংসপেশী আৰু বিভিন্ন organ-বিলাক দুৰ্বল হ’বলৈ আৰম্ভ কৰে৷ আমাৰ শৰীৰত থকা এই বিভিন্ন মাংসপেশী আৰু organ-বিলাকে অহৰহ কাম কৰি আছে জন্ম মুহূৰ্তৰপৰা৷ গতিকে এই ভাগৰি যোৱা মাংসপেশী আৰু বিভিন্ন organ-বিলাক rejuvenate বা পুনৰুজ্জীৱিত কৰিবৰ বাবে আমাৰ life style-ত ব্যায়াম, পুষ্টিকৰ আহাৰ আৰু জিৰণিৰ দৰকাৰ৷ Heart মজবুট কৰিবৰ বাবে উল্লিখিত aerobic exercise-ৰ দৰকাৰ৷ Heart-এ আমাৰ শৰীৰৰ বিভিন্ন ঠাইলৈ অক্সিজেনযুক্ত ৰক্ত চলাচলত মুখ্য ভূমিকা লয়৷ নিয়মিতভাৱে aerobic ব্যায়াম কৰিলে শৰীৰৰ সিৰা-উপসিৰাবিলাকত প্ৰয়োজনতকৈ বেছি চৰ্বি জমা হ’ব নোৱাৰে, যিটো কাৰণত আমাৰ শৰীৰৰ বিভিন্ন ঠাইলৈ, central nervous system-লৈ বিনা ব্যাঘাতেৰে ৰক্ত চলাচল সম্ভৱ হয়৷ ব্যায়ামৰ অভাৱত cholesterol আদিৰ সৃষ্টি হয়৷ হঠাতে আমি শুনিবলৈ পাওঁ যুৱ অৱস্থাতে বহুতৰ heart attack  আদি হৈ মৃত্যু হোৱাৰ দুখদায়ক কথা৷

শৰীৰৰ বিভিন্ন মাংসপেশীবিলাকো ব্যায়ামৰ অভাৱত বয়সৰ লগে লগে দুৰ্বল হ’বলৈ আৰম্ভ কৰে৷ Anaerobic ব্যায়ামৰ জৰিয়তে আমি আমাৰ মাংসপেশীবোৰ মজবুট কৰি ৰাখিব পাৰোঁ৷ Aerobic/Anaerobic ব্যায়ামৰ জৰিয়তে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বাঢ়ে৷ অন্যহাতেদি আমাৰ শৰীৰৰ অক্সিজেন গ্ৰহণৰ ক্ষমতাও বাঢ়ে, যিটো কাৰণত metabolism level-এ খুব দক্ষতাৰে কাম কৰিব পাৰে আৰু শৰীৰত অনাৱশ্যক চৰ্বি জমা হ’ব নোৱাৰে৷

ব্যায়ামৰ লগে লগে আমি আমাৰ আহাৰ সম্বন্ধেও সচেতন থকা দৰকাৰ৷ তেলত ভজা, মিঠা (Ice cream, pastry), cold drinks – এই জাতীয় খাদ্যবোৰ পৰাপক্ষত কম খাব লাগে৷ শৰীৰক মজবুট আৰু কাৰ্যক্ষম ৰাখিবৰ বাবে আমাৰ খাদ্য বা আহাৰক তিনি ভাগত ভগোৱা যায়- ১৷ protein, ২৷  carbohydrate, আৰু ৩৷  fats৷ সাধাৰণতে ইয়াৰ অনুপাত এনেধৰণৰ হোৱা দৰকাৰ-protein 20%, carbohydrate 70%  আৰু fats 10%৷ উদাহৰণ হিচাপে, আমাৰ প্ৰতিদিনৰ আহাৰত যদি ২০০০ কেলৰীৰ প্ৰয়োজন সেই খাদ্যৰ ২0 ভাগ প্ৰ’টিন হোৱা দৰকাৰ, ৭০ ভাগ কাৰ্ব’হাইড্ৰেট আৰু ১০ ভাগ চৰ্বিজাতীয় খাদ্য হোৱা দৰকাৰ৷

আজি আমাৰ জীৱন যাত্ৰা যিমানেই আধুনিক হৈছে সিমানেই stress level বাঢ়ি গৈ আছে৷ এই stress level নিয়ন্ত্ৰণত ৰাখিবৰ বাবে উল্লিখিত aerobic/anaerobic ব্যায়ামৰ লগতে যোগাসনৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে৷ যোগ অভ্যাসৰ জৰিয়তে শৰীৰৰ stress level নিয়ন্ত্ৰণত ৰখাটো সম্ভৱ৷ আমাৰ শৰীৰৰ ভিতৰ ভাগত থকা বিভিন্ন অংগবিলাক সুস্থ ৰখাও যোগ অভ্যাসৰ জৰিয়তে সম্ভৱ৷ Endocrine Gland System-এ আমাৰ শৰীৰৰ সুস্থতাৰ বাবে বিশেষভাৱে কাম কৰে৷ যোগৰ জৰিয়তে এই system-খিনি কাৰ্যক্ষম কৰি ৰখাটো সম্ভৱ হয়৷ Endocrine Gland System যদি কাৰ্যক্ষম কৰি ৰখা যায় আমাৰ stress level-ও নিয়ন্ত্ৰণত থাকে৷ সেয়েহে stress management-ত যোগৰ বৰঙণি অনেক৷ ব্যয়ামৰ লগে লগে আমাৰ শৰীৰক নিয়মিত জিৰণি দিয়াও প্ৰয়োজন৷ Smoking alcohol consumption-ও moderate ৰখা ভাল হ’ব৷ বয়সৰ অগ্ৰগতিক ৰোধ কৰিবলৈ আমি সক্ষম হ’ম যদিহে ওপৰত উল্লেখ কৰা নিয়মখিনি পালন কৰোঁ৷ সৰুতে স্কুলত পঢ়িছিলোঁ-

‘‘সুখ নাই সুখ নাই

কত ধৰুৱাৰ

অনুমাত্ৰ সুখ নাই

চিৰ ৰুগীয়াৰ৷’’

ব্যায়ামৰ জৰিয়তে জীৱন যুদ্ধখন অলপ ভালকৈ আৰু সাহসৰ সৈতে যুঁজিব পৰা যায়৷ কথাতে কয় নহয়- ‘‘দেহা থাকিলেহে বেহা৷’’ আমাৰ দিনটোৰ ২৪ ঘণ্টাৰ যদি ১ ঘণ্টা যদি আমি নিজৰ বাবে উলিয়াব নোৱাৰোঁ তেন্তে আমাৰ জীৱন-যাত্ৰাৰ বহু আনন্দৰপৰা আমি বঞ্চিত হ’ম৷ মই সদায়েই এটা ‘D’-ৰ ওপৰত গুৰুত্ব দিওঁ-১৷ Desire, ২৷Discipline,  ৩৷Dedication৷ প্ৰথম কথা Desire বা ইচ্ছা হোৱা দৰকাৰ এটা Healthy life style আৰম্ভ কৰিবৰ বাবে৷ Discipline স্বাভাৱিকভাৱেই এই ইচ্ছাটো পূৰণ কৰিবৰ বাবে আহিব৷ Dedicated  হৈ যেতিয়া আপুনি এটা healthy life style আৰম্ভ কৰিব আপোনাৰ আনন্দও অসীম হ’ব৷

জীৱনক সুন্দৰ কৰা, বয়সৰ গতি ৰোধ কৰাৰ ক্ষমতা আমাৰ হাততেই আছে৷ আধুনিক পৃথিৱীৰ বিভিন্ন ধৰণৰ cosmetic applications-ৰ সৈতে সমন্বয় ৰাখি Weight Training/Yoga/Aerobic/Meditation/Free hand exercise-ৰ সৈতে আমাৰ দৈনন্দিন জীৱন আৰম্ভ কৰাটো অত্যন্ত আৱশ্যক৷

অন্য এটা কথা মই উনুকিয়াব খুজিছোঁ- বয়সৰ কোনো কথা নাই- আপোনাৰ বয়স ৪০/৫০/৬০- যিকোনো বয়সতে আপুনি উল্লিখিত Physical activity-ৰ যিকোনো এটাও যদি আৰম্ভ কৰে আপুনি নিজকে নতুন অনুভৱ কৰিব৷ ব্যায়াম স্ত্ৰী-পুৰুষ আটাইৰে বাবে দৰকাৰ৷ আটাইলৈ শুভেচ্ছা থাকিল৷

মোৰ ঠিকনা/phone no/e-mail id-টো তলত দিলোঁ-যদি ব্যক্তিগতভাৱে কোনোবাই contact কৰিব বিচাৰে মই আনন্দিত হ’ম৷ ধন্যবাদ৷

Body Building Activities: Mr India (Masters) 5 times.
Mr Asia (Masters) 4 times
Mr World (Masters) 1 time

++++

Address:

7/75 Roopnagar ONGC Coloney,
Khernagar, Bandra (E), Mumbai-400051,
Mob. +91 98673 24709
E-mail: sadaanand2000@yahoo.com
sadaanandgogoi@yahoo.com

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.