পদ্মশ্ৰী জাহ্নু বৰুৱাৰ সৈতে কথা-বাৰ্তা

[ লেখক: ড০ স্তুতি ৰঞ্জিত কোঁৱৰ ]

মোৰ এই লেখাৰ আৰম্ভণিতে যদি মই জাহ্নুদাৰ পৰিচয় দি পাতনি মেলোঁ, তেন্তে হয়তো মই ব্যক্তিগতভাৱে জাহ্নুদাক অলপ অপমান কৰা হ’ব ৷ কাৰণ এই কথা মই স্বীকাৰ কৰিবই লাগিব যে পদ্মশ্ৰী জাহ্নু বৰুৱা কোন সেয়া প্ৰত্যেকজন অসমীয়াই চিনি পোৱাতো উচিত বুলি মই ভাবোঁ ৷ জাহ্নুদা অকল অসমৰে নহয়, সমগ্ৰ বিশ্ববাসীৰে পৰিচিত, বিশ্ববাসীৰে গৌৰৱ ৷ তেনে এজন বৰেণ্য ব্যক্তিৰ সৈতে অকণমান কথা পতাৰ সুযোগ যদি কাৰোবাৰ হাতলৈ আহে সেয়া গ্ৰহণ নকৰাৰৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে ৷ তেনে এটা সুযোগ মোৰ হাতলৈও আহিছিল ৷ জাহ্নুদাৰ সৈতে এঘণ্টা কথা পাতি জাহ্নুদাক আৰু অকণমান জনাৰ মোৰ যি সৌভাগ্য হৈছিল সেয়াহে মই আজি এই লেখাৰ মাজেৰে পাঠকক জনাব বিচাৰিছোঁ ৷

কথাৰ আৰম্ভণিতে মই জাহ্নুদাক সুধিছিলোঁ – ‘‘মুম্বাইত থাকি কেনে লাগে?’’  জাহ্নুদাই উত্তৰ দিছিল – ‘‘ভালেই লাগে ৷ কিন্তু কেতিয়াবা মুম্বাইৰ কিছুমান কথাত তিতা-কেঁহা লাগে যদিও মুম্বাইৰ বাহিৰলৈ গ’লে কেতিয়া ঘূৰি আহোঁ যেন লাগে ৷ বিশেষকৈ কৰ্মক্ষেত্ৰৰ ফালৰপৰা মুম্বাইখন ভাল ৷ অসমতো থাকি ভাল লাগে, কিন্তু কাম কৰিবলৈ অসমতকৈ মুম্বাই খন বেছি ভাল ৷’’

জাহ্নুদাই আৰু কৈছিল – ‘‘আমি এতিয়াও বহুত কথা শিকিব লগা আছে ৷ বিশেষকৈ professionalism- ৰ ওপৰত ৷ আমি মানুহবোৰ traditionally অলপ এলেহুৱা ৷ সময় মতে কামবোৰ কৰিবলৈ নাচাওঁ, নিয়মানুৱৰ্তিতা মানি নচলোঁ ৷ মোৰ ভাল লাগে এই কাৰণেই যে আজিৰ নৱপ্ৰজন্ম এইবোৰ ক্ষেত্ৰত বহুখিনি সজাগ হৈছে ৷ তেওঁলোকে আজি নেটৱৰ্কিঙৰ যোগেদিয়েই হওক বা আন কমিউনিকেশ্যনৰ যোগেদিয়েই হওক, গোটেই পৃথিৱীখনৰ সৈতে ঘৰতে বহি যোগাযোগ ৰাখিব পৰা হৈছে ৷ যিবোৰ আমাৰ দিনত নাছিল ৷ সেয়ে মই ভাবোঁ সেইফালৰপৰা আজিৰ নৱপ্ৰজন্ম professionally বহুত উন্নত হৈছে ৷

আজিৰ যুগটোত সময়ানুৱৰ্তিতাটো এটা বহুত ডাঙৰ কথা ৷ যিটো আমি প্ৰায়ে মানি নচলোঁ বুলি ক’ব পাৰি ৷ আজিৰ দিনত যদি মানুহ কাম নকৰি অকামিলা হৈ বহি থাকে তাতকৈ ডাঙৰ অপৰাধ আৰু কিবা থাকিব পাৰে বুলি মই নাভাবোঁ ৷ সেইফালৰপৰা বিচাৰ কৰি কৈছোঁ কৰ্মৰ ক্ষেত্ৰত অসমত বহুতখিনি অসুবিধা আছে ৷

কিন্তু তথাপি মুম্বায়ো যে বহুত ভাল সেয়াও আমি ক’ব নোৱাৰোঁ ৷ পৃথিৱীৰ আন ঠাইৰ তুলনাত মুম্বাই বহু পাছপৰা ৷ তথাপি তুলনামূলকভাৱে মুম্বাইত যদি মই দহটা কাম লৈ ওলাই যাওঁ ৬ – ৭ টামান কাম হৈ আহে ৷ কিন্তু অসমত দহটা কাম হাতত লৈ যোৱাটোৱেই এটা অপৰাধ ! খুব বেছি এটা বা দুটা কাম হৈ আহে ৷ মুম্বাইৰ এনেধৰণৰ কৰ্মসংস্কৃতিৰ কথা মই অসমত প্ৰায়েই কওঁ ৷ আমিবোৰ যে এনে কিছুমান কথাত পাছপৰা সেই কথা আমি মানি ল’বই লাগিব ৷ যেতিয়ালৈকে আমি এনেবোৰ কথা মানি নলওঁ তেতিয়ালৈকে আমি আগুৱাই যাব নোৱাৰোঁ ৷ মই ভাবোঁ বাস্তৱ বোলা কথাটো সদায় মানি চলা উচিত ৷ এইটো কোনো লাজৰ কথা নহয় ৷  সত্য সদায় সত্য ৷

মোৰ দুটা অফিচ আছে – এটা মুম্বাইত আৰু আনটো গুৱাহাটীত ৷ আৰু দুয়োটা অফিচৰ কথাবোৰ মই যেতিয়া তুলনা কৰি চাওঁ এনেবোৰ কথাৰ প্ৰমাণ মই সদায় পাই থাকোঁ ৷ গতিকে তাত আৰু লুক্-ঢাক্ কৰিবলৈ কোনো কথা নাই ৷  দুয়োটা মোৰেই অফিচ ৷’’

আমি অসমীয়া মানুহবোৰ কৰ্মবিমুখ, এই কথাষাৰ ব্যক্তিগতভাৱে মানি ল’বলৈ মোৰ মন নাযায় ৷ কাৰণ যি অসমীয়া জাতি অসমত এলেহুৱা বুলি পৰিচিত, কৰ্মবিমুখ বুলি জনাজাত, সেই একে অসমীয়াৰ তেজ থকা অসমীয়া মানুহৰ মুম্বাইত কাম কৰাৰ যি উদ্যম সেই উদ্যমটো দেখিলে বুজি নাপাওঁ প্ৰকৃততে গণ্ডগোলটো ক’ত ? অসমীয়াৰ তেজত নে system-ত নে পৰিৱেশত ?

জাহ্নুদাই এই সমস্যাৰ সহজ উত্তৰ দিছিল এনেদৰে – ‘‘এইটো পৰিৱেশৰদ্বাৰা নিয়ন্ত্ৰিত সমস্যা ৷ কৰ্মক্ষেত্ৰৰ কাৰণে আমি এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব ৷ কৰ্মক্ষেত্ৰ বা কৰ্মসংস্কৃতি এনেয়ে সৃষ্টি নহয় ৷ এই পৰিৱেশ সৃষ্টি কৰিবলৈ সমাজ এখন বা জাতি এটা সজাগ হৈ থাকিব লাগিব ৷ আৰু আমাৰ পৰম্পৰাগতভাৱে সেই অভ্যাসটো নাই ৷ এইটো আমাৰ জাতিগত দুৰ্বলতা ৷ আমি আগতে তেনেধৰণৰ পৰিস্থিতিত পৰাও নাই ৷ কথাতে কয় নহয় বোলে ‘‘দেখি শিকে আৰু ঠেকি শিকে ৷’’ ঠেকি শিকাটো আটাইতকৈ দৰকাৰী ৷ কাৰণ ঠেকি শিকাটোৱে sustain কৰে, দেখি শিকাটোৱে নকৰিবও পাৰে ৷ আৰু আমি ঠেকি শিকিব পৰাকৈ তেনেকুৱা পৰিস্থিতিত এতিয়ালৈকে পৰা নাই ৷ সাধাৰণ উদাহৰণ হিচাপে খেতিয়কৰ কথাকে আমি ক’ব পাৰোঁ ৷ অসমৰ মাটি ইমানেই সাৰুৱা যে গুটি এটা দলিয়াই দিলেই নিজে নিজেই পুলি হৈ উঠি আহে ৷  কিন্তু অন্য ঠাইৰ মাটি অসমৰ নিচিনা সাৰুৱা নহয় ৷ সেইবোৰ ঠাইত গুটি ৰুৱাৰ পাছতো তাক যথাযোগ্যভাৱে প্ৰতিপাল কৰিলেহে সি পুলি হ’ব ৷ পুলিৰপৰা গছ হোৱালৈকে তাৰ যত্ন লৈয়ে থাকিব লাগিব ৷ কিন্তু মই ভাবোঁ অসমত আমি প্ৰকৃতিৰ ফালৰপৰা ইমানখিনি সুবিধা পোৱাটোৱে আমাৰ কাৰণে কালহে হৈছে ৷ সেয়ে আমি এনেবোৰ কথাত ইমান সজাগ হৈ নাথাকোঁ ৷ আমি প্ৰাকৃতিকভাৱে ইমান চহকী হোৱাটো আমাৰ কাৰণে এটা দুৰ্বলতাহে ৷ কিন্তু এনেকুৱা এটা সুবিধা আছে বুলিয়েই যে আমি এলেহুৱা হ’ব লাগিব সেয়া নহয় ৷ আমাৰ স্বভাৱৰ কাৰণে আমি প্ৰকৃতিক দোষ দিব নোৱাৰোঁ ৷ আমি নিজেই দোষী এইবোৰ কাৰণত ৷

আমাৰ জাতিবোধৰ লগৰ কিছুমান উন্মাদনাই আমাক নষ্ট কৰে ৷ আমাক আগবাঢ়ি যাবলৈ বাধা দিয়ে ৷ আমাক ভাল অভ্যাস কিছুমান গঢ়াত বাধা দিয়ে ৷ আমি পৃথিৱীৰ আন আন উন্নত ঠাইবিলাকৰ লগত নিজকে তুলনা নকৰোঁ ৷ এইটো এটা ডাঙৰ drawback ৷ আমি সদায় নিজকে আনতকৈ ওপৰত ৰাখিবলৈ ভাল পাওঁ ৷ বাহিৰৰ পৃথিৱীখন যে বহুত ক্ষেত্ৰত আগুৱাই গৈছে সেইটো আমি দৃষ্টিগোচৰ নকৰোঁ ৷

কিন্তু সঁচা কথা ক’বলৈ গ’লে আমি বহুত ক্ষেত্ৰত আনতকৈ বহু উন্নত ৷ উদাহৰণস্বৰূপে আমাৰ সমাজ ব্যৱস্থাৰ ক্ষেত্ৰত আন ঠাইৰ তুলনাত আমি বহু ওপৰত ৷ আমাৰ যি সংস্কৃতি, আমাৰ যি সামাজিক আন্তঃগাঁথনি, আমাৰ যি পৰিয়াল ব্যৱস্থা –  সেয়া আন ঠাইৰ তুলনাত বহু উচ্চ খাপৰ, বহু বহল দৃষ্টিভংগীৰ ৷

কিন্তু কৰ্মসংস্কৃতিৰ ক্ষেত্ৰত যে আমি বহুত পাছপৰা সেয়া আমি মানি ল’বই লাগিব ৷ কাৰণ সেয়া পৰিৱেশৰ দোষ ৷ এই পৰিৱেশ আমিয়েই সৃষ্টি কৰিব লাগিব ৷ একেজন অসমীয়াই মুম্বাইত আহি কিয় ইমান সক্ৰিয় হৈ যায় ? কাৰণ তেওঁ ইয়াত কাম কৰিবলৈ বাধ্য ৷ পুৱা শুই উঠাৰপৰা ইয়াত মানুহৰ যি কৰ্ম তৎপৰতা তাৰ লগত আমি তাল মিলাই চলিবই লাগিব ৷ কৰ্মসংস্কৃতি এটা সোঁচৰা ৰোগ ৷ মই ভাবোঁ অসম বুলিয়েই নহয়, সকলো ঠাইৰ মানুহৰে অহং ভাবটো থাকে ৷ যিবোৰে এই অহং ভাবটোৰপৰা মুকলি হ’ব পাৰে তেওঁলোকেই জীৱনত আগুৱাই যাব পাৰে ৷ মোৰ ভাল লাগে এই কাৰণেই যে মই ভাবোঁ অসমৰ নৱপ্ৰজন্মৰ এইবোৰ ক্ষেত্ৰত এটা realisation আহিছে ৷ তেওঁলোক সজাগ হৈছে ৷ কিন্তু তেওঁলোকৰ এই সজাগতা না কোনো system-এ কৰিছে, না কোনো চৰকাৰে কৰিছে, না কোনো জাতিটোৱে কৰিছে ৷ এই সজাগতা তেওঁলোকৰ নিজে নিজে হৈছে ৷ এইটো এটা বহুত ডাঙৰ পৰিৱৰ্তন ৷ মই নিজে বহুত আশাবাদী যে অসমৰ কৰ্মসংস্কৃতি এদিন সলনি হ’ব ৷ কাৰণ এই পৰিৱৰ্তন মই নিজে দেখিছোঁ ৷’’

মই জাহ্নুদাৰপৰা জানিব বিচাৰিছিলোঁ জাহ্নুদাই ফিল্মৰ বিষয়ে শিকিবলৈ যেনেকৈ মুম্বাইলৈ বা পুণেলৈ বা অসমৰ বাহিৰলৈ ওলাই আহিছিল তেনেকৈ অসমৰ সমূহ নৱপ্ৰজন্মক জাহ্নুদাই অসমৰ বাহিৰলৈ ওলাই আহিবলৈ উপদেশ দিব নে অসমতে professionally তেনে এটা পৰিৱেশ সৃষ্টি কৰাত আগ্ৰহী হ’ব ? জাহ্নুদাই তেতিয়া কৈছিল – ‘‘এইটো সম্পূৰ্ণ নিজৰ বিবেচনাৰ ওপৰত নিৰ্ভৰশীল কথা ৷ নিজে বিবেচনা কৰি যদি কোনোবাই ভাবি পায় যে মুম্বাইলৈ আহি এই বিষয়ত আৰু উন্নতি কৰিব পৰা যাব, তেন্তে তাত ভয় কৰিব লগীয়া একো নাই ৷ যিবোৰে সাহসৰ অভাৱত তেনে এটা সিদ্ধান্ত ল’ব নোৱাৰে তেওঁলোকক সদায় মোৰ নিজৰ উদাহৰণ দিওঁ ৷  মই মুম্বাইলৈ প্ৰথম আহোঁতে কোনো মামা, ভাগিন, নিচা, আপা এইবোৰ বিচাৰি অহা নাছিলোঁ ৷ মই মুম্বাইলৈ নিজেই আহিছিলোঁ আৰু প্ৰথম অসমীয়া লগ পাইছিলোঁ দুবছৰৰ পাছত, মুম্বাইৰ এখন চিটীবাছত ৷ এয়া ১৯৭৬ চনৰ কথা, মই FTII পাছ কৰি অহাৰ পাছত ৷ তেতিয়া মই সহকাৰী পৰিচালক হিচাপে কাম কৰি আছিলোঁ ৷ মোৰ ঘৰুৱা অৱস্থাও সিমান ভাল নহয় ৷ মই যিদিনা প্ৰথম মুম্বাইলৈ আহিছিলোঁ একেবাৰে penniless  হৈ আহিছিলোঁ ৷  তথাপি মুম্বাইত কিবা এটা কৰিম বুলি মনত এটা সাহস আছিল ৷ আৰু মই ভাবোঁ তেনেকুৱা এটা সাহস থাকিলে কিবা নহয় কিবা এটা ৰাস্তা ওলাবই ৷ আৰু আমি যে অসমৰপৰা ওলাই আহিছোঁ সেইটো আমি গ্ৰহণ কৰিবই লাগিব ৷ আমি জানি ল’বই লাগিব যে এইখন এখন বেলেগ ঠাই, বেলেগ ৰাজ্য, অসম নহয় ৷ মই ইয়াৰ ওপৰতহে নিৰ্ভৰ কৰিব লাগিব, অসমৰ ওপৰত নহয় ৷ অসমৰপৰা বহু দূৰৈত বেলেগ এখন ঠাইত নিজকে প্ৰতিষ্ঠা কৰাৰ যি উৎসাহ সেয়া বহুত দৰকাৰী ৷ আৰু যিয়েই তেনেকৈ সাহস কৰি ওলাই আহিছে তেওঁলোকে ইয়াত কাম কৰিব পাৰিছে ৷ ভাল কাম কৰিব পাৰিছে ৷ আমি যেতিয়া ওলাই আহিছিলোঁ, তেতিয়া সংগীতত ইয়াত কোনোৱেই নাছিল ৷ সেই সময়ত মই বনাই থকা ডকুমেণ্টৰীখনৰ Music Director  কেৰালাৰ বিখ্যাত P Vaidyanathan, তেখেত ঢুকাল এতিয়া, তেখেতক মই প্ৰায়ে কৈছিলোঁ অসমত সংগীতৰ ক্ষেত্ৰত ইমানবোৰ প্ৰতিভা আছে যে আপুনি যিকোনো ল’ৰা-ছোৱালীক মন কৰিব তেওঁ কিবা নহয় কিবা বাদ্য-যন্ত্ৰ বজাব জানেই, কিবা নহয় কিবা গান গাব জানে বা সংগীতৰ কিবা নহয় কিবা প্ৰতিভা থাকেই ৷ তেওঁ মোক সোধে-  তেওঁলোক ওলাই নাহে কিয়?এই ‘কিয়’ৰ উত্তৰ কিন্তু মোৰ ওচৰত নাথাকে ৷

কিন্তু মই মন কৰিলোঁ পিছত বহুত অসমীয়া ল’ৰা-ছোৱালী মুম্বাইলৈ ওলাই আহিল আৰু তেওঁলোক এতিয়া বহুত উচ্চ পৰ্যায়ত আছে ৷ মই তেওঁলোকৰ মাজত কল্যাণ বৰুৱা, ধ্ৰুৱজ্যোতি ফুকন আদিৰ নাম ল’ব পাৰোঁ ৷ আৰু বহুতো আছে, almost এতিয়া এই অসমীয়াকেইজন নহ’লে মুম্বাইৰ সংগীত জগতৰ কাম নচলিচেই ৷ এইটো এটা ডাঙৰ দৃষ্টান্ত ৷ চাবলৈ গ’লে প্ৰত্যেকজন নৱপ্ৰজন্মৰ অসমীয়াৰ কাৰণে এওঁলোকে এটা দৃষ্টান্ত দেখুৱাইছে ৷’’

ছবিজগতৰপৰা অলপ আঁতৰি জাহ্নুদাক মই সুধিব বিচাৰিছিলোঁ – নৱপ্ৰজন্মৰ কাৰণে বৰ্তমান অসমৰ প্ৰধান সমস্যা Brain Drain-ৰ ওপৰত তেখেতৰ মতামত কি ? যিদৰে অসমৰ বহু বুদ্ধিজীৱী আৰু মন্ত্ৰী-আমোলাই সমৰ্থন নকৰে অসমৰ নৱপ্ৰজন্মই দিল্লী বা বাংগালুৰুলৈ ওলাই আহি শিক্ষা গ্ৰহণ কৰাটো, জাহ্নুদাই অসমত উচিত শিক্ষা ব্যৱস্থাৰ অভাৱত ওলাই আহিব খোজা এইসকল নবপ্ৰজন্মক কি ক’ব বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় – ‘‘আমি সদায় perspective- টো চাব লাগে ৷ দিল্লী বিশ্ববিদ্যালয় বা আন ঠাইত পঢ়িবলৈ আহিলেই যে বেয়া সেইটো নহয় ৷ আচল কথা হৈছে Knowledge is Universal. জ্ঞানক কোনে কেনেকৈ ভালকৈ যোগাব পাৰিছে সেইটোৰ ওপৰত কথা ৷ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ Knowledge Provider (Professor  বা Scholar)-ক আমি গুৱাহাটী ইউনিভাৰ্ছিটীৰ লগত তুলনা কৰিব নোৱাৰোঁ ৷ গতিকে এজন ছাত্ৰই যদি JNU-লৈ অহাটো পছন্দ কৰে আমি তাক বাধা দিয়াটো উচিত নহয় ৷ কোনো জাতিয়েই তেনেদৰে জাতীয়তাবাদৰ উন্মাদনাৰে কথাবোৰ বিচাৰ কৰাটো উচিত নহয় ৷ আমি যে অকল নিজৰ জাতিৰ মাজতেই থাকিব লাগিব সেইটো নহয় ৷ কিন্তু বাহিৰলৈ আহি সেই জ্ঞানখিনি লোৱাৰ পাছত এটা ভাব থাকিব লাগে যে মোৰ জাতিটোৱে এই জ্ঞানখিনিৰ অভাৱত কেনেকৈ ভুগিছে ৷ সেই ভাবটোৰে আৰু সেই চিন্তা-ধাৰাৰে জাতিটোৰ কাৰণে কিবা এটা কৰাৰ কাৰণে যি হেঁপাহ থাকিব লাগে সেয়াহে আচল কথা ৷ এইটো দৰকাৰী নহয় যে তেওঁ ক’ত থাকে, অসমত থাকে নে অসমৰ বাহিৰত থাকে ৷ অসমৰ বাহিৰত থাকিও তেওঁ সেইখিনি কৰিব পাৰে ৷ সেইটো খুব প্ৰয়োজনীয়ও ৷ আৰু মই নিশ্চিতকৈ ক’ব পাৰোঁ যে মোৰ ক্ষেত্ৰত সেই ভাবটো আছে কাৰণে মই মুম্বাইত থাকিও অসমলৈ প্ৰায়ে গৈ থাকোঁ ৷ অসমৰ নতুন প্ৰজন্মৰ লগত যোগাযোগ ৰাখি থাকোঁ আৰু এইটো আশ্বাস দিওঁ যে যদি কিবা confusion থাকে, যিকোনো সময়ত, ৰাতি বাৰ বজাত হ’লেও মোক লগ কৰিব পাৰে, মোৰ ঘৰৰ কলিং বেল বজাব পাৰে ৷ এই ভাবটো মোৰ এই কাৰণেই আহিছে যে মই যেনেকৈ আহিলোঁ, মোৰ যাত্ৰাৰপৰা মোৰ মগজুত যিখিনি জ্ঞান জমা হ’ল সেইখিনি যাতে বেলেগক ইমান সহজে বুলি নহয়, ভাল ধৰণে দিব পাৰোঁ, মোৰ অভিজ্ঞতাখিনি যাতে অকল অসমৰে নহয়, উত্তৰ-পূৰ্বাঞ্চলৰ ল’ৰা-ছোৱালীক যোগাব পাৰোঁ আৰু তেওঁলোকক যদি উৎসাহিত কৰিব পাৰোঁ then I will be happy.  সেয়ে অসমৰ কোনোবা স্কুল-কলেজে যদি মোক মাতে, মই সেইবোৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ সময় উলিয়াওঁ ৷  অলপতে বৰঝাৰৰ এখন স্কুলে তেওঁলোকৰ স্কুলৰ বাৰ্ষিক এটা অনুষ্ঠানত মোক মাতিছিল ৷  খুব ভাল অনুষ্ঠান আছিল সেয়া ৷  সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি মই নিজে বহুত লাভৱান হৈছিলোঁ ৷  Exchange of knowledge – ৰ যোগেদি ময়ো আজিকালিৰ ল’ৰা-ছোৱালীৰপৰা বহুত কথা শিকিব পাৰোঁ ৷ তেনেধৰণৰ নতুন পৰিৱেশ এটা সৃষ্টি হোৱাত মোৰ ভাল লাগে ৷’’

সঁচা কথা ক’বলৈ গ’লে জাহ্নুদাক যিবোৰ কথা সুধিম বুলি মনতে ভাবি গৈছিলোঁ জাহ্নুদাৰ সৈতে কথা পাতোঁতে মোৰ মনত উদয় হোৱা সকলো প্ৰশ্নৰ উত্তৰ জাহ্নুদাই নিজেই দি গৈছিল ৷ জাহ্নুদাৰ কথা পতাৰ যি সাৱলীলতা তাত মোৰ কোনো কথা জানিবলৈ মাজতে প্ৰশ্ন কৰিবলগীয়া হোৱা নাছিল ৷ কোনো এটা বিষয়ৰ ওপৰত জাহ্নুদাৰ যি জ্ঞান বা বিষয়টোৰ প্ৰতি জাহ্নুদাৰ যি বিশ্লেষণাত্মক দৃষ্টিভংগী – তাক দেখি মোৰ মন শ্ৰদ্ধাত ভৰি পৰিছিল ৷ তথাপি কিছুমান বিষয়ৰপৰা ফালৰি কাটি আহি নিজেই জাহ্নুদাক আন কিছুমান বিষয়লৈ টানি আনিছিলোঁ ৷ মোৰ যেন জাহ্নুদাৰপৰা সকলো কথা একেদিনাই জানিবৰ মন গৈছিল – মোৰ নিজৰেই তেনে ভাব হৈছিল ৷

জাহ্নুদাই যিকোনো ক্ষেত্ৰতে মানুহক সহায় কৰি ভাল পায় বুলি মই শুনি আহিছিলোঁ ৷ আজি জাহ্নুদা যিহেতু মোৰ সন্মুখতে বহি মোৰ সৈতেই কথা পাতি আছে সেয়ে মই মোৰ মনত উদয় হোৱা আন এটা প্ৰশ্নৰ উত্তৰ পাবলৈ সুযোগটো এৰি নিদিলোঁ ৷ মই জাহ্নুদাক পোনপটীয়াকৈ সুধিলোঁ – জাহ্নুদাক সহায় বিচাৰি আগবাঢ়ি অহা সকলো লোককে তেওঁ সহায় কৰে নে তেওঁলোকৰ প্ৰতি অসমীয়া বা উত্তৰ-পূৰ্বাঞ্চলৰ বুলি এটা আৱেগ থকাৰ কাৰণে কৰে ?

মোৰ প্ৰশ্নত অলপমান হাঁহি জাহ্নুদাই খোলাখুলিকৈ কৈছিল – ‘‘মই এটা কথাত সদায় গুৰুত্ব দিওঁ যে মই কাকো ভুল ৰাস্তাত কেতিয়াও পেলাব নিবিচাৰোঁ ৷ মোক সহায় বিচাৰি বহুত মানুহ আহে ৷  এই  বিষয়ে দনটোত প্ৰায় ৫০টামান SMS পাওঁ ৷ কিন্তু এইটো কথা ঠিক যে অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ কোনোবাই যদি মোক সহায় বিচাৰে তেওঁক লগ পাবলৈ চাওঁ ৷ তেওঁৰ সমস্যাৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ ৷  কথা পাতোঁ ৷  কথা পাতি যদি গম পাওঁ যে সেইটো দিশত তেওঁৰ প্ৰতিভা নাই খোলাখুলিকৈ তেওঁক কথাষাৰ কৈ দিওঁ ৷  লগতে বেলেগ এটা ৰাস্তাও দেখুৱাই দি সেই ৰাস্তাত নিজৰ কেৰিয়াৰটো আগবঢ়াবলৈ উপদেশ দিওঁ ৷  কিন্তু প্ৰতিভা নাথাকিলে বুলিয়েই যে তেওঁ সেই কাম কৰিব নোৱাৰিব, তেনেকুৱাও নহয় ৷  কিছুমান ল’ৰা-ছোৱালীৰ কিছুমান দিশত প্ৰতিভা নাই যদিও passion থাকে, তেনে ল’ৰা-ছোৱালীক সেই প্ৰতিভা আয়ত্ত কৰিবলৈ চৰ্চা কৰিবলৈ কওঁ ৷  তেওঁলোকক এই কথাটোও শিকাওঁ যে ভুকুতে কলটো কেতিয়াও নপকে ৷ তাৰ কাৰণে ধৈৰ্য্য, অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰম লাগে ৷ এনেকৈ বহুত ল’ৰা-ছোৱালী আহে মই বুজোৱাৰ পাছত মোৰ কথাবোৰ মানি লৈ মোৰ লগত যোগাযোগ ৰাখে ৷  মই তেওঁলোকক কওঁ অন্ততঃ মেইল এটা পঠাই বৰ্তমান কি কৰি আছা জনাবা ৷  এনেকৈ বহুত মেইল পাওঁ ৷  সকলোৱে একমুখে কৃতজ্ঞতা স্বীকাৰ কৰে ৷

কিছুমান ল’ৰা-ছোৱালী এনেয়ে আহে, কোনো এটা দিশত প্ৰয়োজনতকৈ বেছি নিজৰ ওপৰত বিশ্বাস লৈ ৷  আহিয়েই যেন গোটেইখন জয় কৰিব – তেনে এটা মনোভাব লৈ ৷ সেইসকল ল’ৰা-ছোৱালীক guide কৰি উচিত পথ দেখুৱাই দিয়াটো আমাৰ কৰ্তব্য ৷  বহুতে নিজে সফল হ’বলৈ কিমানখিনি কষ্ট কৰিব লাগে সেইটো বুজি উঠাৰ লগে লগে আৰু বহুতে সিমান কষ্ট কৰিব নোৱাৰাৰ বাবে ইয়াৰপৰা গুচি যায় ৷ কিছুমানে নিজৰ সামৰ্থ্যৰ বাহিৰৰ কাম বুলি বুজি উঠি ইয়াৰপৰা গুচি যায় ৷ তেওঁলোকে বেলেগ কাম কৰিবগৈ পাৰে ৷ সেয়া বহুত ভাল কথা ৷ তেনেকৈয়ে বহুত বছৰৰ আগেয়ে এজন লোক আহিছিল অভিনেতা হ’বলৈ ৷ কিন্তু তেওঁৰ নিজৰ সেই দিশত প্ৰতিভা একেবাৰে নাই ৷  সেই কথাটো মই তেওঁক খোলাখুলিকৈ কৈ দিছিলোঁ আৰু তাৰ ফলতে তেওঁ ইয়াৰপৰা গুচি গৈ খেতিয়ক হ’লগৈ ৷ এতিয়া তেওঁ এজন ভাল ব্যৱসায়ী ৷ মোৰ অন্ততঃ মানুহক তেনেধৰণে guide কৰি ভাল লাগে ৷’’

ফিল্ম, কেৰিয়াৰ, কৰ্মসংস্কৃতি, অসম – এইবোৰৰপৰা আঁতৰি আহি জাহ্নুদাক মই এইবাৰ প্ৰশ্ন কৰিলোঁ আজিৰ তাৰিখত এটা বহুল চৰ্চিত, আজিৰ দিনত সমাজত সক্ৰিয়ভাৱে প্ৰভাৱান্বিত এনে এটা বিষয়ৰ ওপৰত যাৰ সৈতে সমাজৰ প্ৰত্যেকজন মানুহেই প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত ৷ সেইটো হৈছে দুৰ্নীতি ৷ দুৰ্নীতি আজি এনে এটা পৰ্যায়ত আছে যাৰ সৈতে গোটেই সমাজ ব্যৱস্থাই বান্ধ খাই আছে ৷ দুৰ্নীতিৰ প্ৰতি জাহ্নুদাৰ ব্যক্তিগতভাৱে কি অনুভৱ বুলি সোধা প্ৰশ্নৰ উত্তৰত কয় –  ‘‘Traditionally আমাৰ মানৱ সমাজত, সমাজ বোলোঁতেই তাত দুৰ্নীতি থাকিবই নালাগে ৷  যদি তাত দুৰ্নীতি থাকে সেয়া সমাজেই নহয় ৷ কিন্তু আমাৰ সমাজত দুৰ্নীতি এনেকৈ সোমাই পৰিছে যে আজি আৰু আমাৰ সমাজ সমাজ হৈ থকা নাই ৷  আৰু এই কথাটোকে আমাৰ নতুন প্ৰজন্মই জনা উচিত ৷ মোৰ মতে দুৰ্নীতি বোলা বস্তুটো বিবেকৰদ্বাৰা নিয়ন্ত্ৰিত হ’ব লাগে ৷  কোনোবাই ক’লেহে যে দুৰ্নীতি নকৰিম, নহ’লে কৰিম, সেইটো মনোভাব থাকিব নালাগে ৷ কিন্তু এতিয়া সকলোতে দুৰ্নীতি এনেকৈ সোমাই পৰিছে যে আমিবোৰ উপায়হীন ৷  যদি কাকো দুপইচা নিদিয়াকৈ কিবা কাম কৰিব পাৰিম বুলি ভাবিছা তুমি ভুল ৷  কামত বিলম্ব হোৱাতকৈ বা কামটো একেবাৰে নোহোৱাতকৈ দুৰ্নীতি কৰিয়েই যদি কামটো সফল হয় তেন্তে কৰাই ভাল বুলি বহুতে ভাবে ৷  এনেকৈয়ে দুৰ্নীতি আমাৰ সমাজত সোমাই পৰিছে, আৰু সেয়ে এই সমাজ আজি আৰু সমাজ হৈ থকা নাই ৷’’

আকৌ চিনেমালৈ উভতি আহিছোঁ ৷ জাহ্নুদাৰ চিনেমা বনোৱাৰ ধাৰাটোৰ গতি বহুতে হ্ৰাস হোৱা বুলি অভিযোগ কৰে ৷ তাৰ আঁৰৰ কাহিনী হিচাপে জাহ্নুদাই কয় – ‘‘চিনেমা বনোৱাটো কমি যোৱা মানে মই যোৱা ১০-১৫ বছৰৰপৰা বাকী কিছুমান কামটো জড়িত হৈ আছোঁ ৷ বিশেষকৈ যিবিলাক মোৰ field-ৰ, Art and culture-ৰ নানান ধৰণৰ organization-ৰ লগত মই জড়িত হৈ আছোঁ ৷ সেইবিলাক সাধাৰণতে মই নকওঁ বা মোৰ Biodata-টো নাথাকে ৷ কিন্তু যিমান পাৰোঁ সেইবোৰৰ লগত নিজকে জড়িত ৰাখিবলৈ চেষ্টা কৰিছোঁ ৷ যেনেকৈ কিছুমান women organization আৰু কিছুমান children organization-ৰ লগতো মই জড়িত ৷ তদুপৰি আমাৰ চিনেমাৰ ক্ষেত্ৰত যিবিলাক সংগঠন আছে, FTII (Film and Television Institution of India) আৰু SRFTI (Satyajit Ray Film and Television Institute)-ৰ লগতো সক্ৰিয়ভাৱে জড়িত হৈ আছোঁ ৷ কাৰণ এইবোৰ ক্ষেত্ৰত আমাৰ ওপৰতো নিৰ্ভৰ কৰে বহুখিনি, কেনেধৰণৰ বিপ্লৱ আৰম্ভ কৰোঁ আদি ৷ এই প্ৰতিষ্ঠানকেইটাৰ governing body-ৰ council-ৰ লগত মই জড়িত হৈ আছিলোঁ যোৱা বছৰলৈকে ৷ প্ৰায় ৬-৭টামান term Children’s Film Society, National Film Development Corporation আদিতো মই বহুখিনি অৰিহনা যোগাইছোঁ ৷ এইখিনি মোৰ কৰ্তব্য বুলি মই সেইবিলাকতো অলপ মন-কাণ কৰিছিলোঁ ৷ মোৰ চিনেমা বনোৱাৰ ব্যৱধানত ঘৰুৱা কিছুমান কথাও আছিল অৱশ্যে তাৰ মাজতে ৷

এতিয়া অৱশ্যে এইবিলাক অনুষ্ঠানৰপৰা অলপ অৱসৰ লৈছোঁ ৷ নতুনকৈ ‘বান্ধোন’ বুলি অসমীয়া ছবি এখন কৰিলোঁ৷ হিন্দী ছবি ‘HAR PAL’-ৰ কাম শেষ হ’ল যদিও মুক্তি দিয়া হোৱা নাই ৷’’

হিন্দী চিনেমাৰ কথা ওলাওঁতেই মই সুবিধা পাই জাহ্নুদাক সুধিলোঁ – জাহ্নুদা, কেতিয়াবা তথাকথিত বলীউডৰ ব্যৱসায়ভিত্তিক ছবিবোৰৰ প্ৰতি আগ্ৰহীনে ?  যিদৰে দিবাকৰ বেনাৰ্জীৰ দৰে পৰিচালকে বলীউডৰ অভিনেতা – অভিনেত্ৰী লৈ এখন কলাভিত্তিক চিনেমা ‘ছাংহাই’ বনাইছে জাহ্নুদাৰো তেনেদৰে ভৱিষ্যতে কিবা চিনেমা বনোৱাৰ পৰিকল্পনা আছে নে কি ?  জাহ্নুদাই সহজভাৱে কৈছিল – ‘‘বলীউডৰ যিবোৰ তথাকথিত ব্যৱসায়িক বা Mainstream – ৰ ছবি, সেই চিনেমাবোৰ বুজিবলৈ মই এতিয়ালৈক সক্ষম হোৱা নাই ৷ কোনটোক বা Mainstream-ৰ চিনেমা বুলি কয় ! কিন্তু out-and-out commercial চিনেমাবোৰ মোৰদ্বাৰা সম্ভৱ নহ’ব ৷ এতিয়ালৈকে সম্ভৱ হোৱা নাই ৷ এটা কথা ঠিক যে ‘ছাংহাই’ৰ নিচিনা চিনেমা মই সমৰ্থন নকৰোঁ ৷ চিনেমা মোৰ বাবে এটা মাধ্যম ৷ সেই মাধ্যমটো মই যেতিয়া প্ৰয়োগ কৰিম মই এইটো চাব লাগিব যে সেই মাধ্যমটোৰ জৰিয়তে মই কাৰ লগত যোগাযোগ কৰিছোঁ ৷ মোৰ দৰ্শকৰ প্ৰতি মোৰ দায়ৱদ্ধতা আছে ৷ সেই দায়ৱদ্ধতাখিনি মনত ৰাখি যিমান মই কৰিব পাৰোঁ সিমানখিনিহে কৰোঁ ৷ তাৰ পৰিসীমাৰ বাহিৰত যোৱাটো উচিত বুলি মই নাভাবোঁ ৷ কিছুমান ছবি নিৰ্মাতাই দৰ্শকে যি বিচাৰে, যিবিলাক চায়, যিবিলাকৰ প্ৰতি আকৰ্ষণ কৰিব পাৰি, সেইবিলাকক লৈ ছবি কৰে ৷ তাত বেছি গুৰুত্ব দিয়ে ৷ কিন্তু মোৰ কাৰণে সেইটো বেছি গুৰুত্বপূৰ্ণ নহয় ৷ এজন ছবি নিৰ্মাতা হিচাপে মই দৰ্শকক কি দিব বিচাৰোঁ আৰু তেওঁলোকে যদি তাক গ্ৰহণ কৰে, তেন্তে মই সুখী হ’ম ৷ মই প্ৰথম এইটো মাধ্যমৰ জৰিয়তে সমাজলৈ এটা বাৰ্তা পঠিয়াব বিচাৰোঁ ৷ ব্যৱসায়িক লাভালাভৰ ক্ষেত্ৰত সিমান গুৰুত্ব নিদিওঁ ৷ যদি মোৰ চিনেমাখন ব্যৱসায়িকভাৱেও সফল হৈ যায়, তেন্তে মোৰ আপত্তি নাথাকে ৷

অলপতে ‘দাবাং’ বুলি ছবিখন খুবেই হিট হ’ল ৷ কিন্তু ছবিখন চাই ওলাই অহাৰ পাছত ৮০% মানুহেই ছবিখনক গালি পাৰিলে ৷ কিন্তু তেওঁলোকে ছবিখন চালেতো ! দৰ্শকে ছবিখন কি কাৰণে চালে ? ছলমান খান আছে, সোণাক্ষী সিনহা আছে কাৰণে ৷ তথাপি ছবিখন চাই কিন্তু গালি পাৰিলে ৷ তাৰ মানে কি ?  তেওঁলোকে ছবি হিচাপে সেইখন গ্ৰহণ কৰা নাই ৷  কিন্তু ছবিখন ব্যৱসায়িকভাৱে সফল ছবি ৷  কিন্তু সেইখিনি দৰ্শকেই যে ছবিখন সফল বুলি ক’ব তেনে নহয় ৷  গতিকে তেনেধৰণৰ কিছুমান বিশ্লেষণাত্মক দৃষ্টিভংগীৰে যদি ছবি এখন বনাই বজাৰত মুকলি কৰা হয়, মোৰ বোধেৰে দৰ্শকে সেইখনকো ভাল ছবি বুলি গ্ৰহণ কৰিব পাৰে ৷  এইটো বিশ্বাসত মই সদায় থাকোঁ যে ভাল ছবিৰ কেতিয়াও মৰণ নাই ৷’’

এটা সময়ত ছবি মানেই অসমত সমাজৰপৰা বৰ্জিত এটা বস্তু আছিল ৷  ছবিক সহজভাৱে গ্ৰহণ কৰা নাছিল ৷ জাহ্নুদাই এই বিষয়ে মতামত দিছিল- ‘‘মই প্ৰথমে চিনেমাৰ প্ৰতি সিমান অনুৰাগী নাছিলোঁ ৷  কিন্তু বি বৰুৱা কলেজত বি এছ-চি পঢ়ি থাকোঁতে কিছুমান চিনেমা চাবলৈ পাইছিলোঁ ৷ ক্লাছিক চিনেমা কিছুমান ৷  আৰু তেতিয়াই মাধ্যমটোৰ প্ৰতি মোৰ বেছি আকৰ্ষণ হ’ল ৷  কিন্তু সেইটো সময়ত definitely চিনেমা বনোৱা কামটো সমাজে ভাল ধৰণে নলৈছিল ৷  মোৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই অৱশ্যে ৷  কাৰণ মোৰ যি পিতৃ-মাতৃ তেওঁলোক বৰ বেলেগ ধৰণৰ আছিল ৷  তেওঁলোক যদিও ইমান পঢ়া-শুনা কৰা নাছিল, তথাপি মোৰ ক্ষেত্ৰত তেওঁলোকে কোনো বিৰোধিতা কৰা নাছিল ৷  মাত্ৰ এইটোৱে কৈছিল যে তই যিটো কৰিছ ভালদৰে কৰিবি আৰু আমিও বিশ্বাসত লৈছোঁ যে তই ভাল কামেই কৰিছ ৷  সিমানেই ৷  Infact, মই যেতিয়া পুণেলৈ আহিছিলোঁ ঘৰত কোনেও জনাই নাছিল ৷ যেতিয়া মোক নামভৰ্তিৰ কাৰণে টকাৰ প্ৰয়োজন হ’ল তেতিয়াহে মই মোৰ ককাইদেউক টেলিগ্ৰাম এখন কৰি জনাইছিলোঁ যে মোক তৎক্ষণাত ৫০০.০০ টকা লাগে ৷  তেতিয়াহে ঘৰত গম পাইছিল যে মই পুণেলৈ চিনেমা বনোৱা শিকিবলৈ আহিছোঁ ৷ কিন্তু এই কথাটো ঘৰত ভালদৰে গ্ৰহণ কৰিছিল ৷  কিন্তু যেতিয়া এইটো কথাকে মই বেলেগৰ লগত তুলনা কৰি চাওঁ মই ভাবোঁ যে I was very lucky to have that kind of parents.  কিছুমানৰ এনেকুৱা অৱস্থা হয় যে ত্যাজ্য পুত্ৰ পৰ্যন্ত কৰি দিয়ে ৷  এইটো এই কাৰণেই হৈছিল যে পৰম্পৰাগতভাৱে যেতিয়া চিনেমাই হওক, নাটকেই হওক তাক সমাজত এখন ভাল আসন দিয়া হোৱা নাছিল ৷  মোৰ ক’বলৈও দুখ লাগে যে বৰঞ্চ চিনেমাক এগৰাকী বেশ্যাৰ লগত ৰিজোৱা হৈছিল ৷  আজিকালি অৱশ্যে তাৰ সলনি হ’ল ৷  আৰু এইটো একেবাৰে নজনাৰ দুখত ৷  মানুহৰ মনবোৰ মুকলি হ’লেহে সমাজৰো প্ৰগতি হয় ৷ কিন্তু মানুহৰ মনবোৰ খোল খাব কেনেকৈ ? যেতিয়া এটা প্ৰজন্মই তাৰ ৰাস্তা দেখুৱাই দিব ৷ যিটো প্ৰজন্মই আমাক শিকাইছে তেওঁলোকেই যদি সকলোবোৰ বন্ধ কৰি দিয়ে কেনেকৈ হ’ব ?  উদাহৰণস্বৰূপে কিছুমান শিক্ষাগুৰু আছিল এটা সময়ত, চিনেমা বুলিলেই যেন বেয়া বস্তু –  তেনে ভাব লৈছিল ৷  কিন্তু মই আজি কি কাৰণে চিনেমা জগতত সোমালোঁ তাৰো এটা কাহিনী আছে ৷ মই Nuclear Physics খুব ভাল পাইছিলোঁ ৷  সেইখিনি সময়ত বি এছ-চি পঢ়ি থাকোঁতে এখন চিনেমা চাইছিলোঁ ৷  এখন ৯০ মিনিটৰ ৰোমানিয়ান চিনেমা,  ‘A Bomb was Stolen’ , চিনেমাখন খুব খুহুতীয়া আছিল ৷

তাৰ কাহিনীটো এনেধৰণৰ – ৰোমানিয়াত তেওঁলোকে এটা Nuclear Bomb তৈয়াৰ কৰিলে ৷ কাইলৈ তাক উদ্বোধন কৰিব ৷ কিন্তু সেই ৰাতিয়েই কোনোবা দুৰ্বৃত্তই ব’মটো চুৰি কৰে ৷ যিটোৱে চুৰ কৰিছিল সি ভাবিছিল যে এই বস্তুটো ইমান closely guarded, ই নিশ্চয় Diamond হ’ব লাগিব ৷  কিন্তু এতিয়া ব’ম নিৰ্মাণ কৰাসকলৰ মাজত হাহাকাৰ লাগিছে ৷ তেওঁলোকে এইটো প্ৰচাৰো কৰিব নোৱাৰে যে নিউক্লিয়েৰ ব’ম চুৰি হৈছে বুলি ৷ কাৰণ কেনেবাকৈ যদি ব’মটো ফুটি যায় ডাঙৰ হুলস্থূল লাগি যাব ৷ সেয়ে কাকো একো নজনোৱাকৈ তেওঁলোকে সেই চুৰবিলাকক বিচাৰি ফুৰিছে ৷ শেষৰ ৮৫ মিনিটলৈকে চিনেমাখনৰ কাহিনীটো তেনেদৰেই আগবাঢ়ি গৈছে ৷ শেষৰ ৫ মিনিটত চিনেমাখনত এইটো দেখুৱাইছে যে চোৰেও গম পাইছে সেইটো এটা ব’ম আৰু সেইটো যদি কেনেবাকৈ বিস্ফোৰণ হয় গোটেই পৃথিৱীখন ধ্বংস হ’ব ৷ আৰু এই শক্তিটোকে যদি প্ৰয়োগ কৰা যায় গোটেই মানৱ জাতিৰ সহায় হ’ব ৷ এই বাৰ্তাটোকে ৯০ মিনিটত ইমান সুন্দৰকৈ দেখুৱাই দিয়া হ’ল যে মোৰ মনত প্ৰশ্ন জাগিল –  মই নিউক্লিয়েৰ ফিজিক্স পঢ়ি ইমান ভাল পাওঁ, কিন্তু মোৰ মনলৈ তেনে ধাৰণা কেতিয়াও অহা নাছিল কিয় ?  কিন্তু চিনেমা এখনে ইমান সুন্দৰকৈ কথাখিনি বুজাই দিলে ৷  গতিকে ময়ো ভাবিলোঁ যে চিনেমা নিৰ্মাণটো কিমান এটা শক্তিশালী মাধ্যম ৷  তাক কেনেকৈ এগৰাকী বেশ্যাৰ লগত তুলনা কৰিব পাৰি মই বুজি নাপাওঁ ৷  মাত্ৰ মই এয়াই বুজি পাওঁ –  মই মাধ্যমটোক ভালকৈ ব্যৱহাৰ কৰিব লাগে ৷

আজি-কালি মই অকল এইটো চেষ্টাতে আছোঁ যে কেনেকৈ North-East-ৰ শিক্ষানুষ্ঠানবোৰত চিনেমা নিৰ্মাণ বিষয়টো সুমুৱাব পাৰি ৷  যাতে মাধ্যমটো ভালদৰে প্ৰয়োগ কৰি তেওঁলোক উপকৃত হয় ৷  যোৱা চাৰি বছৰ ধৰি মই Indian Documentary Producers Association-ৰ President আছিলোঁ ৷  তাৰ জৰিয়তে অসমৰ ডিব্ৰুগড়, তেজপুৰ বিশ্ববিদ্যালয়কে ধৰি আন আন কিছুমান কলেজতো কিছুমান festival কৰাইছিলোঁ ৷  সেই festival-বোৰৰ সুন্দৰ সফলতা দেখি মই ভাবিবলৈ বাধ্য হৈছিলোঁ যে আমাৰ মানুহৰ মাজত এটা নতুন ধৰণৰ realisation আহিছে ৷ মানুহৰ মনবোৰ মুকলি হৈছে ৷’’

এনে ধৰণৰ সফলতা বা কৰ্মৰ স্বীকৃতিত সুখী হয়নে বোলা প্ৰশ্নৰ উত্তৰত জাহ্নুদাই স্পষ্ট কৰি দিছিল, ‘‘স্বীকৃতি পালে ভাল লাগে, আনন্দিত হওঁ ৷ কিন্তু স্বীকৃতি পাম বুলিয়েই কামবোৰ কৰা নহয় ৷ মই কামত গুৰুত্ব দিওঁ, প্ৰচাৰত নহয় ৷’’

ঠিকেই, সম্পূৰ্ণ এজন প্ৰচাৰবিমুখ ব্যক্তি জাহ্নুদাই নিজেই কৈছিল যে বহুত বছৰলৈকে তেওঁৰ নামটো চাই মানুহে হেনো তেওঁক মহিলা বুলি ভাবিছিল ৷ এতিয়াও বহুত মানুহে জাহ্নুদাক সোঁশৰীৰেৰে চিনি নাপায় ৷ তাৰ উদাহৰণ তেওঁ নিজেই পাইছে ৷ এবাৰ গুৱাহাটী এয়াৰপ’ৰ্টত তেওঁৰ ম’বাইলটো হেৰাওঁতে এয়াৰ প’ৰ্টৰ ground staff-ৰ এজন কৰ্মীয়ে জাহ্নুদাক তেওঁৰ ম’বাইলটোৰ বিষয়ে সুধি ব্যতিব্যস্ত কৰিছিল ৷  এয়াৰপ’ৰ্টৰ কৰ্মীজনে গালি পাৰি কৈছিল- “এইবোৰ মানুহৰ মগজুৰ কোনো ঠিক নাথাকেতো, কিবা চিন্তা কৰি থাকে, এতিয়া ম’বাইল হেৰুৱালে, আৰু ওপৰৱালাই আমাক হাৰাহাস্তি কৰিছে ৷’’

জাহ্নুদাৰ যি ব্যক্তিত্ব, জাহ্নুদাৰ যি দৃষ্টিভংগী, জাহ্নুদাৰ যি কথনশৈলী – এই সকলোবোৰ জনাৰ পাছত জাহ্নুদাৰ প্ৰতি মোৰ মন দুগুণ শ্ৰদ্ধাৰে ভৰি উঠিল ৷ জাহ্নুদাৰ সহজ-সৰল জীৱন দৰ্শন চাই মোৰো জাহ্নুদাৰ দৰে ক’বৰ মন গ’ল, সঁচাকৈ‎ –  “The first film my parents saw was the first film I made.” (courtesy.http://www.jahnubaruah.com)

++++
Address:
Dr Stuti Borgohain
Post Doctoral Fellow
NBHM, DAE(GoI)
Department of Mathematics
IIT, Bombay
Powai:400076
Mumbai, Maharashtra
Mobile no. 09769335742
email: stutiborgohain.2007@gmail.com

Leave a Reply

Your email address will not be published. Required fields are marked *

This site uses Akismet to reduce spam. Learn how your comment data is processed.